জিলিকি ৰয় লুইতৰ হেৰুৱা সুঁত








সন্ধিয়াৰ সোৱণশিৰিৰ পাৰত
উবুৰি খাই পৰা বুকুৰ হেঁপাহবোৰ
নৈৰ সুঁতত বিলীন হয় দিগন্তত

নৈপৰীয়া বতাহত ভাহি থকা
প্ৰাণস্পন্দনৰ উপলব্ধিবোৰ
এনাজৰী জীয়াই থকাৰ

কেতিয়াবা মেঘাচন্ন পৃথিৱীত
হৃদয়ৰ পাত লুটিয়াই অনুভৱত কৰো
মাদকতাসনা সুখৰ এই জিলিকনি

নিৰৱচ্ছিন্ন এটি ধ্বনি উঠে 
অনুৰণিত হয় স্বতঃস্ফূর্ত ভাৱে 
জিলিকি ৰয় লুইতৰ হেৰুৱা সুঁত

নোপোৱাৰ অতৃপ্ততাৰ মাজতেই
পুলকভৰা মধুৰতাৰ গুঞ্জন শুনো
অনুভৱ হয় আত্মতৃপ্তিৰ