সন্ধিয়াৰ আৰে আৰে


অসীমৰ সিপাৰে সন্ধিয়াৰ আৰে আৰে

এটি গুণগুণনী ৰিণিকি ৰিণিকি শুনো
পোহৰে পিন্ধিছে নিশাৰে ওৰণি


তৰাই ফুল বচা আকাশৰ কোলাতে

ভাগৰত জুৰুলা সূৰুযেও 
ললে টোপনিকে সাৱটি


নিয়ৰ উজ্বলিল জোনাকৰে পোহৰত

নিশাৰে সখী জোনাকী পৰুৱাই
লগ দিলে চকু টিপিয়াই


উৰি ফুৰা চঞ্চলা জোনাকীয়ে

নাচি বাগি ৰহণ সানি সিঁচিলে
আশাৰে ছন্দত সোণালী আভা


বাট চ'ৰাতে ফুলি সৰা

শেৱালীয়ে নিয়ৰত তিতিলে 
বুকুৰে বান্ধ খুলি 


বতাহত ভাহি ফুৰা 

শেৱালীৰ সুৰভিয়ে
নি:শব্দে ভূমুকি মাৰিলে


বুকুৰ মাজেৰে বৈ যোৱা শুনিলোঁ

হিয়াত গোপনে বজা 
স্নেহ ভৰা জুৰিৰে কলকলনি


এটি দুটি কৰি আকাশত জিলিকি

আজঁলি হিয়াৰে তৰাই মিচিকিয়ালে
চেনেহৰ বোল নিয়ৰ কণাত সানি


বাট হেৰুৱা বাদুলীয়ে

গছে পাতে খুন্দিয়াই
মৌনতা ভাঙি সৰালে পাত


কাজল বৰণ সন্ধিয়াৰ

এই ৰূপ বন্যা দেখি
ক'লা মেঘ দূৰতে লুকাল


এন্ধাৰ কাটি জ্বলি উঠে চাকি

ঘৰে ঘৰে উৰুলি মাৰি
হিয়াত তুলিলে আৰতিৰে লহৰ

বোৱাৰীয়ে মেলি দিলে মন  
ওৰণিৰ মাজেৰেই 
সুৰীয়া কণ্ঠেৰে জুৰিলে গীত

পথাৰৰ কঁহুৱাই হালি জালি
জোনাকক ৰঙতে মাতিলে
মিঠা সপোনৰ ৰহণ সানি