দিগন্ততত ঝাওবনৰ আৰত তেজৰঙা বেলিটো খহি পৰে
শুকুলা মেঘবোৰ ৰাঙলী কৰি
পৰিভ্ৰমী চৰাইজাকৰ কলকলনিত সৃষ্টি
বিচিত্র আৱেদনৰ মধুৰ অনুভূতিয়ে
শৰীৰত শিহঁৰণ তুলে
স্নিগ্ধ সুৰৰ এই আলোড়নত
বুকুত গলিত এটোপাল অশ্ৰু
সৰি পৰে বোৱতী নৈৰ তৰঙ্গত
বুকুৰ বিশৃংখল তাড়নাবোৰ
ভাহি ফুৰে স্বচ্ছতাৰ সুৰ হৈ
নল খাগৰিৰ বিস্তৃত ৰেখাত
প্ৰবাহমান এটি শীতল প্ৰবাহে
ধুই নিয়ে নিঃস্ব হদয়ৰ
বিষাদ গধূৰ বেদনাৰ উৎকণ্ঠা
নজনাকৈয়ে মগজুত থিতাপি লয়
স্ফুৰিত জোনাকৰ সতেজ কবিতাই
ঢৌ খেলে পূর্ণিমাৰ প্ৰতিশ্ৰুতি হৈ
মন আৰু শৰীৰ উদ্দীপিত হৈ
নিঃশব্দে আগবাঢ়ে এই আকৰ্ষনত
বুকুৰ আৰে আৰে নতুন আশা হৈ