ঢৌৰ খোজে খোজে বৈ যায় দূৰণিলৈ








বেলিৰ কিৰণত উদ্ভাসিত বালিচৰ
ঢৌ খেলা বিৰিণাৰ উৰণীয়া মন

পুৱাতে মেলা নাও ঢৌত নাচে
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ সুৰত

লুইতৰ ৰূপোৱালী বালিচৰ  
তিৰবিৰ কৰে যেন ৰিহাৰ আঁচল

লুইতেও জিৰণি লয় 
মৰমী বতাহৰ পৰশ পাই

সোঁতৰ চাকনৈয়াত পাক উঠে
সখীয়তীৰ সুৰীয়া মাতত

শূন্যতাৰ বিষাদ বিসৰ্জন দি
মন উৰি ফুৰে উন্মুক্ত হৈ

অন্তৰ খহাই বয় কণ্ঠৰ শ্বাস-ধ্বনি
ঢৌৰ খোজে খোজে বৈ যায় দূৰণিলৈ

উলাহত মতলীয়া মনত
সিঁচি যায়  চঞ্চলতাৰ বিজুলী

পানী-যুঁৱলিত বহি গীত গাও
ৰ’দালিৰ কোমল পৰশ লৈ

চঞ্চল হয় মন হৰিণীৰ দৰে
জীৱনে ওভতনি মাৰে স্মৃতিৰ পাতত
  
বুকুত সিঁচৰতি নিৰ্লিপ্ততা আতৰি
কল্পনাৰ চকুত ভাহে ৰূপালী আঁচল