মই কবিতা ৰচোঁ ফুল আৰু পখিলাৰ

প্ৰাণত শব্দৰ সপোন সাজোঁ
লিখো কবিতা
ফুল আৰু পখিলাৰ

প্ৰাণত হিল্লোল কঁপনিৰ
অন্তৰত  তাৰেই  প্ৰতিধ্বনি

উৰণীয়া বা লাগে
তৰুণ হিয়াত

প্ৰীতিৰ বতাহে
মোৰ হিয়া কঁপায়
হেঁপাহৰ সপোন
বতাহত ভাহি যায়

জাগ্ৰত সুন্দৰ কল্পনা
সমাগত পূণিৰ্মাৰ জোন

মায়াময় জীৱনৰ
অবিৰাম গতি

সংকেত সৰগৰ জেউতিৰ
মোক কৰেহি উন্মনা

মই কবিতা ৰচোঁ
ফুল আৰু পখিলাৰ

পুতলা নাচ

সুৰ  কাৰ জীৱন নাট
গান গাব নেজানো নাচিছো পুতলা নাচ
বাঁহী বাজিছে সুৰ
নাচিছো  নিজকে পাহৰি
অলপো  আহৰি নাই
ভাও লওঁ বিশ্বভাবনাৰ
ভাৱৰীয়া আমি সকলো হাঁহি  কন্দোনৰ
নিজ ভাও দি নাচিছো পুতলা নাচ

কবিতা


কবিতাই প্ৰা পায় গীতত
বাজি উঠে সুৰ হৈ কাত।
শ্ৰোতাৰ অনুভূতিৰ পৰশত
চিৰজীৱি স্মৃতি হয় প্ৰাত।

এটি নতুন তৰাৰ জন্ম


নীলা আকাশখনলৈ ছায় আছিলো।
হঠাতে গোটেই আকাশখন উবুৰি খাই পৰিল
মোৰ চকুৰ উপৰত।
নীলাৰ গভীৰতালৈ সোমাই গৈ আছো ময়।
গভীৰৰ পৰা গভীৰতম নীলালৈ
লাহে লাহে অন্কাৰ হৈ পৰিল সকলো নীলা।
মোৰ মন খুদুৱনিৰে ভৰি পৰিল।
সেই গভীৰ অন্কাৰত দেখিলো অতীত, বৰ্তমান আৰূ ভবি্যত।
এটা জ্যোতি মোৰ চকুত ভাহি উঠিল লাহে লাহে।
টি নতুন তৰাৰ জন্ম হল। 
অন্কাৰ আতৰি মোৰ চকু ভৰি পৰিল সোনালী ৰশ্মিৰে।

এটি দৃশ্যমান নতুন আশা


তোমাৰ দৃষ্টিয়ে
মৌচুমী খেলি যায়
মোৰ মনত  সৃষ্টি কৰে ধুমুহাৰ
বাধাৰ প্ৰাচিৰ ভাঙি
থানবান কৰি যায় মোৰ হৃদয়
তীব্ৰবেগী মৌচুমীৰ প্ৰভাৱত
খুলি যায় মোৰ মন কুটীৰৰ ৰূদ্ধ দূৱাৰ
উৰূৱাই লৈ যায় বেদনাৰ সঞ্চিত পাহাৰ
নজ্যোতিৰ দীপ্তিৰে উদ্ভাসিত হয়
এটি দৃশ্যমান নতুন আশাৰ

শিল্পী

সুন্দৰ পৱিত্র
পূজাৰী সত্যৰ
সংগীত অপূৰ্ব
স্মৃতি শৈশৱ
শিল্পী ভবিষ্যত...

যৌৱন

মোৰ আবেগ
তোমাৰ লুকাভাকু
আৰু
লাজৰ চুচুক চামাক
অবিৰাম গতিত
বোৱতী সুঁতি হৈ
দুয়োৰে উন্মুক্ত
যৌৱনে নাচিছিল।......

উন্মুক্ত তোমাৰ চকু

উন্মুক্ত তোমাৰ চকুত
যৌৱনে নাচিছিল
ফাগুণৰ বতাহ জাকে
চম্পাৰ সুবাস বিলাইছিল
চঞ্চল সপোনবোৰে

বুকত উবুৰি খাই নাচিছিল।...

এটি অনুভব

জিলমিল তিৰবিৰ
জোনালী আকাশ
ৰিবৰিব মলয়াৰ
মৃদু সুবাস
জিলীৰ ঝংকাৰ

মায়াবি নিশা

অনুভৱ অসীমৰ

অসীমেই সীমা অন্তৰৰ
হেপাহ ধিয়াই মোৰ
আকাশ চুবলৈ

অনুভৱ কৰু ময় অসীমৰ...

হেঁপাহ

পৰিপূৰ্ণ জীৱনৰ হেঁপাহ
পাশজৰীৰে বন্ধা
সংবেদনশীল হৃদয়
বিচাৰে পূৰ্ণতা...

অনুভৱ বিশ্ব-আত্মাৰ

শূণ্যতাৰ মাজত সৃষ্টি
এটি প্ৰাণবিন্দু
মন্ত্ৰমুগ্ধ মই

এই বিশাল সৃষ্টি
অনুভৱ কৰু বিশ্ব-আত্মাৰ
গঢ়ি উঠে এটি আত্মিয়তা...

আত্মাৰ সৃষ্টি

এটি আত্মাৰ সৃষ্টি
এই বিশাল শূণ্যতাত
সেই আত্মাস্থিতি
এখনি সংবেদনশীল হৃদয়
ভৰি পৰে মৰম
বিয়পি পৰে হৃদয়ৰ পৰা হৃদয়লৈ...

ঘুৰি আহিম ময়

জন্ম আশীৰ্বাদৰ ঔৰশত
ধন্য এই সুন্দৰ ধৰা
যৌৱনৰ ছায়া
প্ৰতিস্থা ধৰাৰ বুকুত
সময় অপৰিসীম
তোমাক দি গলো মাথো স্মৃতি
সাঁচি ৰাখিবা

ঘুৰি আহিম ময়...

গোলাপৰ হাঁহি

গোলাপৰ হাঁহি
এটি মৃদু জাগৰণ
সহস্ৰ হৃদয়ত তোলে আলোৰন
কোমলতাৰ পৰশ বুলাই
কৰিছে জয় সকলো হৃদয়...

সৃষ্টিৰ ৰহস্য

শক্তি আৰূ স্থিতি দুটি সত্তা
শক্তিয়েই আত্মা
স্থিতি এই বিশাল শূণ্যতা
শক্তি অবিহনে গতিহীন স্থিতি
স্থিতিৰ অবিহনে উপলব্ধিহীন শক্তি
শক্তি আৰূ স্থিতিৰ
যুগল বন্দীত সৃষ্টি

মায়াময় বিশ্বধৰা...

মিঠা মিঠা ভাৱ

মিঠা মিঠা ভাৱ এটি
সূৰ ঢালি গীত গায়
এই ভালপোৱা
নিশাৰ আন্ধাৰ ফালি
জিলিকি উঠে
ৰং সানে জোনাকে

বুকু ভৰাই....

কোনে দিব উত্তৰ

তুমি মাতিছিলা ঘৰলৈ তোমাৰ
কৈছিলা মোৰসতে বহুত কথা পাতিবা
গৈছিলো মই তুমি মতা দিনা
তুমি নাছিলা ৰৈ নঙলা মুখত
তুমি নাছিলা পদুলীত 
যাঁও নেযাঁওকৈ দেও দি পাৰ হলো নঙলা
আগবাঢ়ি গলো তোমাৰ পদুলীলৈ
তোমাৰ পদুলীত ৰলো চমক খাই
তোমাৰ ঘৰৰ দূৱাৰত এটা ডাঙৰ তলা
উভতি আহিলো গধুৰ বুকু লৈ
কিয় এই প্ৰত্যাখান, কিয় এই প্ৰতাৰনা, 
মনে নেমানে আজি
কিবা এটি যেন বিষাদ মনত
ভাবিব পৰা নাই এনে কৰিবা বুলি
কোনোবাখিনিত মোৰেই ভূল নিচ্ছয়
মই যেন কিবা বুজি পোৱা নাই
পিচলৈ উভতি চালো
তুমি দিয়া কিবা সময় আছিলনেকি
নে মই অহা দেৰী হল
কোনে আজি মোৰ ভুল ভাঙিব
শুধিবলে তুমিও যে নাই কাষত
জীযাই আছো তেতিয়াৰে পৰা
অকলশৰে ইয়াৰ উত্তৰ বিছাৰি
কোনে দিব উত্তৰ
কোনে মোৰ ভূল ভাঙিব
তুমিও যে নাই আজি কাষত

জীৱনক যাম বিচাৰি

পথাৰৰ মতলীয়া পচোৱা বতাহে
লৈ আহে গৰমৰ দূপৰীয়া এটি মাদকতা
মনভুলোৱা অজান সংগীত এটি
বাজি উঠে বুকুৰ মাজত
মন মিঠা মিঠা সুৰত বন্দী
ভাঁহি আহে আশাবোৰ
হৈ ৰঙা নীলা সপোণ
বিৰহি প্ৰাণ ঝংকাৰিত হয়
পথাৰৰ নিশব্দতা ভেদি
চিঞঁৰী উঠে কাৰাৰূদ্ধ কন্ঠয়
জীৱনক যাম বিচাৰি
বিশ্বাসৰ পৰজীৱী সত্তাই উভতনী মাৰে
পাহৰি যোৱা হেপাহবোৰে উকিমাৰি কান্দে
সংগোপনে এটি নতুন সপোনে
মনত বাহ সাজি বহে... 

হাতত তুলীকা লৈ

হাতত তুলীকা লৈ
ভাবিছো কি ৰঙেৰে
বুলাম তোমাক
এটি হাঁহি দিম নে
দিম এটি সেমেকা চকু
ভাবিছো ৰাখিম কি দৰে
চুলিতাৰি তোমাৰ
বৰ মন যায় চাবলে
অশান্ত বতাহে যেতিয়া
আউল বাউল কৰি যায়

তোমাৰ চুলিতাৰি উৰূৱাই...

এটি খুহুটীয়া কবিতা


ৰাতিক দিন কৰি
দিনক ৰাতি কৰি
তোমাৰ মৰম পাবৰ বাবে
কিমান যে কবিতা লিখিলো মই

চকু গাতত সোমাল
গাল দাতত সোমাল
বিতচকুৰ মাজেৰে
তোমাক বিচাৰিব লাগে

ছাল হল ভজা মাছৰ দৰে
আৰু কুৰকুৰীয়া লাগে
খাই ভাল পাবা নিচাৰ ৰাগিত

পেটত সোমাম তোমাৰ
তেজত মিলি তোমাৰ কলিজা পাম
তাতে চাম তোমাৰ কলিজাত
কিমান মৰম আছে
সাঁচতিয়া হৈ মোৰ বাবে

মায়াৱী নিশা


মায়াৱী নিশা
সাৰে আছো ময়
নাই সূৰূয
নাই জোন বেলি তৰা
মোৰ মন আকাশ
কিয় আজি ডাৱৰে আবৰা
ইন্দ্ৰ দেৱতাই
কৰিছে বিদ্ৰোহ
চকুপানীৰ সুঁত যে বোৱা নাই
শুকান চকু আৰূ
শুকান বুকু
হৃদয়ত কিয় জানো
বিজুলী চমকা নাই
বিজুনীৰ অবিহনে হেনো
ঢল নবয় সৰগৰ পৰা

ইন্দ্ৰ দেৱতা তুমি
খুলি দিয়া জপনা
বৈ যাওঁক সুঁত
হৈ নদী নিজৰা
তাৰেই বিজুনী কৰি
পিয়াহ পলাম তোমাৰ
বৈ যাওঁক নদীখনি
চকুৰ ভেটা ভাঁঙি
হৃদয়ৰ কোণে কোণে
বিজুলী চমকি উঠক
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
সাৰে আছো অকলে
মায়াৱী নিশা...

মোৰ অঘৰী মন

মোৰ অঘৰী মন
স্নান কৰে সংস্কৃতিৰ সঙ্গম-ক্ষেত্ৰত
মুখৰিত সমদল শৰাইঘাটৰ বুকুত

উৰ্ব্বৰ জননী মোৰ
আজি দুষ্কৃতিৰ কুৰুক্ষেত্ৰ
দুহাতে ধৰি সংস্কৃতিৰ মোহনা ভাগে
অঘৰী সন্ন্যাসীবোৰে ভয় খাই কান্দি উঠে


মন আৰু কল্পনাৰ
উচ্চ শিখৰত বাৰিষা নামে
লুইতৰ বুকুয়েদি পৃথিৱী ঢৌৱাই
উৰ্ব্বৰ জননীক মৰম যাচে
জন্ম হয় সুকুমাৰ কৃষ্ণ
জিনি দুষ্কৃতিৰ কুৰুক্ষেত্ৰ...

জীৱন বুৰঞ্জী

জীৱন বুৰঞ্জী
হেজাৰ যুগৰ কাহিনী
লুইতত জোৱাৰ উঠে
শিলৰ বুকুভাঙি বাৰিষা নামে
সংস্কৃতিৰ সঙ্গম-ক্ষেত্ৰ
স্মৃতিৰ গুহাত পৰি ৰয়
হেজাৰ যুগৰ সাধু

সভ্যতাৰে মুখৰিত
সংস্কৃতিৰ মোহনা
কান্দি উঠে মন
হেৰাই যায় সিহঁত
ইতিহাস হৈ...

একুৰা জুয়ে বুকু পুৰে

শৰীৰৰ আঘাট
বৈ আহিছে সোঁত, ৰঙা শোণিতৰ
বিষ উঠে, কিন্তু কান্দিব নোৱাৰো
উশাহ যেন ৰূদ্ধ,
শৰীৰৰ ভিতৰ ফালে, গোট মাৰিছে চকুপানীৰ নিজৰা
এটি লাগে বিজুলী, বৈ যাওঁক সোৱণশিৰি,
সুঁহুৰি মাৰিলে গুজৰি উঠে
একুৰা জুয়ে বুকু পুৰে,
আৰু এটি হুমুনিয়া কান্দোনৰ
ভেটা ভাঙো ভাঙো কৰে,
হৃদয়ে আঁজুৰি আঁজুৰি কান্দে,
কোমল হিয়া মোৰ,
ওখোৰা মোখোৰা বাট
খোজে পতি উজুটি খাওঁ,
কিয় এনে দশা  আজি মোৰ
অকলশৰীয়া তাতে দীঘলীয়া বাট
কেনেকৈ বোলো ময়...

ইয়েই সঁচা

সাজযোলৈ শেবালৈ চাই আছিলো
ম লগা আছিল সাজযো
অন্তখনে হাহাকাৰিিছিল
পথাত একালগে খোজ কাঢ়ি
ঢ়ি তোলা এখন সপোন সংসা
বান্ধোন শিকলি হঠাত চিঙি গ
আবেগক বিসর্জন দিলো
বাস্তব মুখা-মুখি হবলৈ সাহ গোটালো
সত্য এইটোয়েই আৰূ ইয়েই সঁচা...

অনামিকা

অনামিকা পিৰালিৰ চুকত
বুকুৰ ঢাকনি খুলি
কান্দিব নোঁৱাৰো
কলিজা মোৰ মৰহি গ
সেয়ে তোক লৈ
আৰূ কবিতা নিলিখো
ভাৱনাৰ প্ৰদেশত
অমাৱষ্যা শিবিৰত
বতাহবোৰ চুবলৈ নিদিওঁ তোক
বৰদৈচিলা হৈ তই
এইবাৰ আহিলে
বুকুৰ ঢাকনি খুলি
বন্দী কৰি ম তোক...

ইচনী বিচনী ফুলৰে পাটি

ইচনী বিচনী ফুলৰে পাটি
ক'ত যে কি হ'ল
ফুলকোৱৰ ঘুমটি গল
নাওখেল থাকিল পৰি
চুপিচুপি নেকান্দিবি ময়নাটি

সাধুকথা শে হল আজি...

এদিন আহিব সপোন মোৰ প্ৰদেশত













এদিন আহিব 
সপোন মোৰ প্ৰদেশত
বুকুত বসন্তৰ বতাহ লৈ
অমাৱষ্যাৰ নিশাবোৰ 
আতৰি পলাব
ফুলি ফুলি উঠিব 
মোৰ কলিজা
আধাসৰীয়া কামবোৰ 
লিৰিকি বিদাৰি
গুণ গুণাই গীত গাম
সূৰুযটোলৈ চাই চাই
খেতিলৈ যাম মই 
কান্ধত নাঙল লৈ
কঠিয়া ৰুবলৈ
বহাগৰ বিহুতে 
পিঠা লাৰুৰ বতৰত....

আমি অঙ্গীকাৰবদ্ধ

আমি অঙ্গীকাৰবদ্ধ
নিৰ্দিষ্দ আমাৰ লক্ষ্য
একজোট হৈ কাম কৰিম
আমি দায়বদ্ধ দেশৰবাবে
উন্নতি আমাৰ লক্ষ্য
আজি বিকাশ বাধাগ্ৰস্থ
আমি আগবাঢ়িম নিঃচৰ্ত
দৃঢ় বিশ্বাস আমাৰ অস্ত্ৰ

ঋণী আমি বহু যুগৰ...

কাহিনী লুইতৰ

ইতিহাস হেজাৰ যুগৰ
কাহিনী জোৱাৰ লুইতৰ
সংস্কৃতিৰ সঙ্গম-ক্ষেত্ৰ
সভ্যতাৰে মুখৰিত
সংস্কৃতিৰ হেৰাই যোৱা সুঁতি

সংস্কৃতিৰ মুখৰিত সমদল
শৰাইঘাটৰ বুকুত
দুহাতে সাবতি
মন আৰু কল্পনাৰ
উচ্চ শিখৰত
লুইতৰ বুকুয়েদি বৈ
যায় স্মৃতি

হেজাৰ যুগৰ কাহিনী...