মায়াৱী নিশা


মায়াৱী নিশা
সাৰে আছো ময়
নাই সূৰূয
নাই জোন বেলি তৰা
মোৰ মন আকাশ
কিয় আজি ডাৱৰে আবৰা
ইন্দ্ৰ দেৱতাই
কৰিছে বিদ্ৰোহ
চকুপানীৰ সুঁত যে বোৱা নাই
শুকান চকু আৰূ
শুকান বুকু
হৃদয়ত কিয় জানো
বিজুলী চমকা নাই
বিজুনীৰ অবিহনে হেনো
ঢল নবয় সৰগৰ পৰা

ইন্দ্ৰ দেৱতা তুমি
খুলি দিয়া জপনা
বৈ যাওঁক সুঁত
হৈ নদী নিজৰা
তাৰেই বিজুনী কৰি
পিয়াহ পলাম তোমাৰ
বৈ যাওঁক নদীখনি
চকুৰ ভেটা ভাঁঙি
হৃদয়ৰ কোণে কোণে
বিজুলী চমকি উঠক
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
সাৰে আছো অকলে
মায়াৱী নিশা...