নীলা
আকাশখনলৈ ছায় আছিলো।
হঠাতে
গোটেই আকাশখন উবুৰি খাই পৰিল
মোৰ
চকুৰ উপৰত।
নীলাৰ
গভীৰতালৈ সোমাই গৈ আছো ময়।
গভীৰৰ
পৰা গভীৰতম নীলালৈ।
লাহে
লাহে অন্ধকাৰ হৈ পৰিল সকলো
নীলা।
মোৰ
মন খুদুৱনিৰে ভৰি পৰিল।
সেই
গভীৰ অন্ধকাৰত দেখিলো অতীত,
বৰ্তমান আৰূ ভবিষ্যত।
এটা
জ্যোতি মোৰ চকুত ভাহি উঠিল লাহে লাহে।
এটি নতুন তৰাৰ জন্ম হ’ল।
অন্ধকাৰ আতৰি মোৰ চকু ভৰি পৰিল সোনালী ৰশ্মিৰে।