সোণৰ অসম

আহা গাওঁ এটি
গীত সমন্বয়ৰ
কবিতাৰ শোভাসেৰে
ধুই নিকা কৰো
বিদ্বেষ, হিংসা
আৰু দুখ হৃদয়ৰ 
নতুনকৈ গঢ়ি তোলো
এখনি সমাজ প্রেমৰ  
থাকিব তাত মাথো
সুহৃদয়তা আনন্দৰ 
বলা আগবাঢ়ি
পোহব বিচাৰি
এটি সূৰুযৰ...