মোৰ অঘৰী মন

মোৰ অঘৰী মন
স্নান কৰে সংস্কৃতিৰ সঙ্গম-ক্ষেত্ৰত
মুখৰিত সমদল শৰাইঘাটৰ বুকুত

উৰ্ব্বৰ জননী মোৰ
আজি দুষ্কৃতিৰ কুৰুক্ষেত্ৰ
দুহাতে ধৰি সংস্কৃতিৰ মোহনা ভাগে
অঘৰী সন্ন্যাসীবোৰে ভয় খাই কান্দি উঠে


মন আৰু কল্পনাৰ
উচ্চ শিখৰত বাৰিষা নামে
লুইতৰ বুকুয়েদি পৃথিৱী ঢৌৱাই
উৰ্ব্বৰ জননীক মৰম যাচে
জন্ম হয় সুকুমাৰ কৃষ্ণ
জিনি দুষ্কৃতিৰ কুৰুক্ষেত্ৰ...