মেঘালীৰ অভিমানী চকু

মেঘালীৰ অভিমানী চকু
সুবাস শাওনৰ
বুকুত সেমেকা মৰম
ডুলি উঠে আকাশ

ৰামধেনুৰ সপোন সিঁচি
উপচি পৰে ধৰা
খিল্ খিল হাঁহি আৰু

বিজুলীৰ চমকনি
উছৱৰ ৰং চকুত
বিস্ফোৰিত হয় বুকুত
হেজাৰ কামান
নিঃসংগতা সহ্য নহয়
মৌনতাত উচুপি উঠে

হিয়া খুলি সৰি পৰে
অভিমানবোৰ ধাৰাষাৰ
বৰষুন হৈ ৷