স্বপ্ন

স্বপ্ন সঁচা যেনেই লাগে
যেতিয়া আমি সপোন দেখি থকো৷
তথাপি কিয় জানো ৰাতিপোৱা
খেলি মেলি হয় ভাৱবোৰ যোতিয়া আমি সাৰ পাওঁ৷
স্বপ্ন কি বাস্তবতাৰেই প্রতিফলন নেকি?
আচৰিত লাগে ভাবি স্বপ্ন কিয় দেখো আমি৷
কেতিয়াবা সুন্দৰ, কেতিয়াবা বিভত্স
এই স্বপ্নৰ ৰূপ৷
ই কি আমাৰ অবচেতন মনত ৰৈ যোবা
অতীত বা বর্তমানৰ কিছূ
তিক্ত বা মিঠা অভিগ্যতাৰ স্মৃতি৷
প্রতিফলন হয় নিদ্রান্বিত অনুভূতিৰ মাজেৰে৷