দুখ

সেন্দুৰীয়া স্মৃতি হৈ উৰি আহে
শুকান পথাৰ জীপাল হৈ পৰে
উপভোগ কৰো ৰিব্ ৰিব্ মলয়া
নদীৰ পাৰত বহি চাওঁ দিগন্ততলৈ ৷

আজি উচুপি উঠিছে দুখ
গুচি যোৱাৰ দুখত
জীৱন সুখৰ পথত মোৰ
অপেক্ষা কৰিছে দুখ ভগা জুপুৰীত
শুকাই যোৱা মুখ
নিৰাশ হৈ পৰে দুখ
আশ্রয় লয় নিদ্রাদেৱীৰ কোলাত ৷

স্মৃতিৰ বৰষুণত তিতি
অনুভৱ কৰো এক তৃপ্তি ৷