আশা 2

বুকুৰ মাজৰ কথাবোৰ
গোলাপৰ পাহি যেন ৰঙা
আন্ধাৰত লয় কজলা বৰণ
খুলি লুটিয়াই চাবা
তাতে দেখা পাবা
জিলমিল কৰা এমুঠি আশা
আৰু সপোনৰ তিৰবিৰ
দেহৰ প্রতি টোপাল
তেজেৰে গঢ়া
ৰৈ আছে আশাৰে
অপেক্ষা এমুঠি
সোণালী ৰ’দৰ আভা।