নিজস্ব আবিস্কাৰ

আজি মোৰ স্তব্ধতা ভাঙে
মাটিৰ কোলাহলে,
সৰি সৰি পৰি '
স্বপ্নৰ পাপৰি,
অন্তৰীক্ষৰ অন্ধকাৰত জ্বলে
স্বপ্নৰ উদ্যান,
সৃষ্টিৰ তেজঃদীপ্ত স্বৰ্ণ-স্পৰ্শে
উজ্জ্বল কৰিলে হৃদয়,
চেতনাৰ বিদ্যুৎ হৃদয়ৰ আশ্ৰয়,
প্ৰেমৰ গুণগুণ
বুকুৰ ভিতৰে-বাহিৰে,
জীৱনধাৰাৰ সুষমা
নিজস্ব আবিস্কাৰ,
নিস্তেজ মন উজ্জ্বল কৰিলে
তামস আকাশৰ উজ্জ্বল অনুভৱে II