এটি সুখৰ ঢৌ


সুখৰ ঢৌ এটি 
বুকুত সাৱটি
দুচকুক কওঁ ময়
থাক তই ৰ লাগি
ৰজনী আহিলে
এন্ধাৰ পলাব
কোনোবা দূৰ-দূৰণীত
মুখ লুকাব
ঘুৰি থৰ লাগি
অনামীয়ে হাঁহিব
গীতৰ কলি এটি
গুণ গুণাই উঠিব
কাহানিওঁ নবজা সুৰটি
বাজি উঠিব
আজি এই মধু ক্ষনত
নাই তুমি মোৰ লগৰী
দুচকুয়ে  ৰ লাগি চায়
তুমি অহা বাটলৈ