কল্পদৃষ্টি

বিশ্বজনীন আনন্দৰ
আত্মতৃপ্তিৰ কল্পদৃষ্টিয়ে
ভিন্নতাৰ পৰিধি নেমানে।

কল্পদৃষ্টিৰ ৰক্তিম আঁভাই
মহাজাগতিক শক্তিৰ পৰিধি ভাঙে।

অনুভূতিৰ এক স্বতঃস্ফূৰ্ত প্ৰকাশে
মহাশূন্যৰ অভ্যন্তৰত
দীপ্তিৰ ঊজ্বলতা আনে।

চৈতন্য শক্তিৰ ঊদগীৰনৰ
এক প্ৰচন্দ প্ৰবাহে
অন্তৰাত্মাত আলোৰন তুলে

আত্মতৃপ্তিৰ অন্তিম লালসাৰ

নিঃশব্দ প্ৰজ্বলন ঘটে।