চেতনাৰ বিস্ময়

মোৰ অনুভৱে অনুভৱে
স্বপ্নৰ উদ্যান জীৱনধাৰাৰ
মোৰ বুকুত কি জ্বলে
নিঠুৰ আচোঁৰ নিদাৰুণ অভিজ্ঞতাৰ
এই জীৱন, আশাত অন্ধ
জীৱনৰ বাটে বাটে অজ্ঞাত ভয়
ভগ্ন-হৃদয় নিৰুত্তাপ  জীৱন,
হৃদয়ত হতাশাৰ গান
অন্ধকাৰ হৃদয়  নিস্তেজ মন
মনৰ স্তৰে স্তৰে সপোনৰ কৌতূহল
অন্ধকাৰত জ্বলিব সুবৰ্ণ সূৰ্য
এনেকৈ মোৰ অনুভৱে অনুভৱে
ভৰি পৰে উত্তাপ চেতনাৰ বিস্ময়