অপূৰ্ব
জেউতি
তাতে ৰূপৰ
চমক
শব্দৰ সপোন আৰূ প্ৰাণৰ
হিল্লোল
পুৱতি
তৰাৰ সন্যাসিনী ৰূপ
শেৱালিৰ
কোমল সুবাস
জীৱন্ত
জাগ্ৰত বত্তৰ্মান
বতাহত ভাহি
আহে,
দূৰণিৰ প্ৰতিধ্বনি
স্বৰ্গ আৰু
পৃথিৱীৰ
এটি সুসম্পূৰ্ণ সমাহাৰ
দূবৰিত
ফুটি উঠে
আকাশৰ জেউতি
তাতে সখিয়তী পখীটিৰ
কৰুণ বিননি,
বিচাৰি ফুৰিছে বুকুৰ বান্ধৈ
অন্তৰ
উপচি পৰা
জীৱন ছন্দৰ
এটি
প্ৰীতিৰ সুৰ
যায় বতাহত ভাহি