মই কবিতা ৰচোঁ ফুল আৰু পখিলাৰ

প্ৰাণত শব্দৰ সপোন সাজোঁ
লিখো কবিতা
ফুল আৰু পখিলাৰ

প্ৰাণত হিল্লোল কঁপনিৰ
অন্তৰত  তাৰেই  প্ৰতিধ্বনি

উৰণীয়া বা লাগে
তৰুণ হিয়াত

প্ৰীতিৰ বতাহে
মোৰ হিয়া কঁপায়
হেঁপাহৰ সপোন
বতাহত ভাহি যায়

জাগ্ৰত সুন্দৰ কল্পনা
সমাগত পূণিৰ্মাৰ জোন

মায়াময় জীৱনৰ
অবিৰাম গতি

সংকেত সৰগৰ জেউতিৰ
মোক কৰেহি উন্মনা

মই কবিতা ৰচোঁ
ফুল আৰু পখিলাৰ