এটি নতুন প্ৰভাত

এটি নতুন প্ৰভাত
তোমাৰবাবে হওঁক এটি
নতুন আশা।

চকুলো নহয়
তেজত বিয়পি পৰক
সোণালী ৰদৰ আভা।

তোমাৰ ভালপোৱাৰে
চিৰদিনৰ বাবে
গঁঢ়ি তোলা এটি
নতুন কুটীৰ।

খুলি দিয়া মন কুটীৰৰ
খিৰিকি দোৱাৰ।

এতিয়া আৰু নেলাগে তুমি
উচূপি থাকিব।

ঘুৰি আহিব সকলো
তোমাৰ বুকুৰ মাজলে
হৈ এটি নতুন প্ৰভাত।