জীৱন অভিধান

হৃদয়ৰ সুখ
প্ৰহেলিকা এটি ৰূপ,
তীব্ৰ অনুৰাগ
জিলমিল নৃত্য মৰীচিকাৰ।
সঙ্গীতৰ উল্লাস
গভীৰ আনন্দৰ প্ৰকাশ,
যৌৱনৰ আহ্বান
সৃষ্টি জোঁৱাৰ ধুমুহাৰ,
সমাগত দিনবোৰৰ
আশাৰ মলয়া ।
পোৱা নোপোৱাৰ উদ্বেগ
নিদ্ৰাহীন ৰাতি,
দুঃস্বপ্নৰ শীতল শিহৰণ
অনিচ্ছয়তাৰ আবেগ।
জীৱন অভিধান
সুখ দুখৰ  উপাখ্যান