অনামিকা পিৰালিৰ চুকত
বুকুৰ ঢাকনি খুলি
কান্দিব নোঁৱাৰো
কলিজা মোৰ মৰহি গ’ল
কলিজা মোৰ মৰহি গ’ল
সেয়ে তোক লৈ
আৰূ কবিতা নিলিখো
ভাৱনাৰ প্ৰদেশত
অমাৱষ্যাৰ শিবিৰত
বতাহবোৰ চুবলৈ নিদিওঁ তোক
বৰদৈচিলা হৈ তই
বৰদৈচিলা হৈ তই
এইবাৰ আহিলে
বুকুৰ ঢাকনি খুলি
বন্দী কৰি থম তোক...