সীমাৰ শেষত

সময়ৰ ঘন গতি
ব্ৰহ্মাণ্ড-সঙ্গীত বাজে
নাৱৰ টিঙত শুই জলকুঁৱৰীৰ গীত গাওঁ
বেসুৰা সুৰীয়াকৈ ৰাতি দুপৰত

সীমাৰ শেষত নাও মেলিলো
গঙা-চিলনীয়ে কুঁৱলী ফালিলে
এফেৰি পোহৰত মন নাচি উঠে

বুৰিল বেলি হ’লহি এন্ধাৰ
সময়ৰ ঘন গতি
নাৱৰ টিঙত শুই জলকুঁৱৰীৰ গীত গাওঁ
বেসুৰা সুৰীয়াকৈ
ৰাতি দুপৰত