প্ৰত্যাশাৰ উষ্ণ আশা এক মধুযামিনী

আকাশ নিনাদি
উত্তাল আকাংক্ষাবোৰে
চিঞৰি উঠিছে
মুক্ত কণ্ঠেৰে

প্ৰাণত তোলপাৰ লগাই
চিনাকি সীমা চেৰাই
অচিনাকি প্ৰান্তত
সন্ধান কৰিছে
মুক্তিৰ গান

আজুৰি আজুৰি
মাটিত খেপিয়াই ফুৰিছে
হেৰুৱা সপোনবোৰ

এধানি পোহৰ বিছাৰি
কৰিছে আখৰা
হাতত ৰক্ত জৱা লৈ

বিচূৰ্ণ হৃদয়ৰ খণ্ড বিচাৰি
পূৰ্নীমাৰ জোনাকত জ্বলাইছে
আশাৰ চাকি

বুকুৰ বিষক নেওঁচা দি
প্ৰত্যাশাৰ উষ্ণ আশা 
এক মধুযামিনী