মায়াবি সংগীত

ঘোৰ অন্ধকাৰ নিজান ৰাতি
বতাহত ভাঁহি আহে মায়াবি সংগীত
অনুৰনিত হয় চাৰিওদিশে
বুকুভেদি যায় কৰূণ সুৰত
শিহৰিত শৰীৰত বৈ যায়
শীতল সোঁত কলিজা বিদাৰি
সন্মোহিত মোক লৈ যায়
অজানিতে সুৰৰ দিশে
যাওঁ সংগীতৰ উৎস বিচাৰি
এক অলীক স্বপ্নৰ আৱেগত
দেখো এক প্রচছায়া অপেশ্বৰীৰ ৷