লাগে এটি ঝংকাৰ প্ৰীতি সংগীতৰ
বনগীত বতাহ-ঢেৰেকনি-ধুমুহাৰ
ৰিম-ঝিম নৃত্য বৰষুণৰ।
বিহুগীত, লোকগীত, বনগীত
আৰু স্ত্ততি, প্ৰাৰ্থনা, বৰগীত
জাতিৰ স্বতঃস্ফূৰ্ত জাতীয় সংগীত
লাগে এটি জাগৰণ ন-প্ৰজন্মৰ
থলুৱা সংস্কৃতিৰ বিৰামহীন গতি
হওঁক এটি সূচনা বিৱৰ্তন সংস্কৃতিৰ
লাগে এটি ঝংকাৰ
মায়াময় সুৰ সংগীতৰ
তেজোদ্বীপক ঝংকাৰত বৈ যাওঁক
এটি শিহৰন হৃদয়ত
সুৰীয়া গীতবোৰ সযতনে সাঁচি
মনিকোঠত হৃদয়ৰ
সুৰৰ মূৰ্চ্ছনাৰে উমলি-জামলি
এফাকি গীত গাওঁ বসন্তৰ
অজানিতে ভৰি দেও পাৰি উঠক
বলিয়া বানৰ সোঁতত
মন উটি ভাহি যাওক
লুইতৰ ঢৌৰ তালে তালে ।
বনগীত বতাহ-ঢেৰেকনি-ধুমুহাৰ
ৰিম-ঝিম নৃত্য বৰষুণৰ।
বিহুগীত, লোকগীত, বনগীত
আৰু স্ত্ততি, প্ৰাৰ্থনা, বৰগীত
জাতিৰ স্বতঃস্ফূৰ্ত জাতীয় সংগীত
লাগে এটি জাগৰণ ন-প্ৰজন্মৰ
থলুৱা সংস্কৃতিৰ বিৰামহীন গতি
হওঁক এটি সূচনা বিৱৰ্তন সংস্কৃতিৰ
লাগে এটি ঝংকাৰ
মায়াময় সুৰ সংগীতৰ
তেজোদ্বীপক ঝংকাৰত বৈ যাওঁক
এটি শিহৰন হৃদয়ত
সুৰীয়া গীতবোৰ সযতনে সাঁচি
মনিকোঠত হৃদয়ৰ
সুৰৰ মূৰ্চ্ছনাৰে উমলি-জামলি
এফাকি গীত গাওঁ বসন্তৰ
অজানিতে ভৰি দেও পাৰি উঠক
বলিয়া বানৰ সোঁতত
মন উটি ভাহি যাওক
লুইতৰ ঢৌৰ তালে তালে ।