এটি অনুভৱ প্ৰেমৰ

প্ৰভাতি  পখীৰ গীত শুনি
সপোনৰ মায়াজাল আতৰিল ।

তৃপ্তিৰ এটি অপৰূপ স্পৃহা
মনৰ মাজত জাগি উঠিল ।

সূৰুযৰ মৃদু পৰশত
অনুভব কৰিলো প্রকৃতিৰ
শান্তশীতল বিশাল গভীৰতা ।

সমস্ত ক্লান্তি আতৰি
হৃদয় পৰিপূৰ্ণ
আৱহমান এটি ভালপোৱাৰে।

নির্জন ৰাতিপোৱা সৰি পৰা পাতৰ
বিচ্ছুৰিত সঙ্গীতৰ তালে
হৃদয়ত স্পন্দন তুলিলে ।

সকলো ক্লান্তি আতৰি
মন প্ৰাণ ভৰি পৰিল
এটি ঐশ্বৰিক স্নিগ্ধ প্ৰেমেৰে।