জীৱনক যাম বিচাৰি

পথাৰৰ মতলীয়া পচোৱা বতাহে
লৈ আহে গৰমৰ দূপৰীয়া এটি মাদকতা
মনভুলোৱা অজান সংগীত এটি
বাজি উঠে বুকুৰ মাজত
মন মিঠা মিঠা সুৰত বন্দী
ভাঁহি আহে আশাবোৰ
হৈ ৰঙা নীলা সপোণ
বিৰহি প্ৰাণ ঝংকাৰিত হয়
পথাৰৰ নিশব্দতা ভেদি
চিঞঁৰী উঠে কাৰাৰূদ্ধ কন্ঠয়
জীৱনক যাম বিচাৰি
বিশ্বাসৰ পৰজীৱী সত্তাই উভতনী মাৰে
পাহৰি যোৱা হেপাহবোৰে উকিমাৰি কান্দে
সংগোপনে এটি নতুন সপোনে
মনত বাহ সাজি বহে...