তোমাক
দিব খোজা মৰমবোৰ
বুকুত
গোট মাৰি ৰ’ল
আৰু বাকী ৰ’ল
বহুতো নোকোৱা কথা
মইতো
নাজানো তুমি কি ভাল পোৱা
ৰছিচিলো
মনৰ মাজত বহুতো কথা
আৰু সাজিছিলো সপোণ প’জা
এতিয়া
দেখো সকলো জহি খহি গ’ল
তোমাক
কব খোজা কথাবোৰো নিৰৱ হ’ল
খং
কৰিম নে অভিমান তুমি থাকিলা লুকাই
তুমি
আহি আজি দেখা দিলা
তোমাক
দিবৰ বাবে মোৰ হাতত একো নাই
মই নিঃস্ব এটি মাথো কংকাল....