কবিতাৰ মায়াজাল








অলেখ সপোন মোৰ
মিঠা বৰণৰ

হাঁহি তামাছা
দৌৰি জপিয়াই
খেলি ভাল লাগে মোৰ
সেই মিঠা তামাছাবোৰ

নিস্তব্ধ নিশা বহি মই
কবিতা লিখিছিলো
উপলব্ধি কৰিব পাৰিছিলো মই
এই প্ৰেম কবিতাৰ

দুচকুত আছিল মিঠা কবিতাৰ প্ৰেম
অভিজ্ঞতা নাছিল মোৰ কবিতা লিখাৰ
ময়ো আছিলো কবিতাৰ প্ৰেমিক

বহুত প্ৰেম আছিল বুকুত
এয়েই নেকি আছিল মোৰ প্ৰেম
তাইৰ প্ৰতি

কবিতা লিখিছিলো মই
তাই হাঁহিছিল নিস্তব্ধ নিশা
মুগ্ধ হৈছিলো মই

তায়ো জানে
প্ৰেমিক আছিলো মই
তাইৰ ৰূপৰ..      
তাইৰ গুণৰ..

সূসম্পূৰ্ণ এটি  কবিতাৰ
মায়াজাল...........