আত্ম সত্বা


হিম শীতল চেঁচা বতাহ
কঁপি উঠিছিলো মই,
ওলাই আহিছিলো ঘৰ এৰি
কোনো নাছিল ওচৰে পাজৰে,
শৰীৰত প্ৰবাহমান শীতল সোঁত
হাত ভৰি নচলা হল,
কি কৰিম ভাবিবলৈও
চিন্তা শক্তি কমি আহিছিল,
আত্ম সত্বাক আকৌ এবাৰ
জগাই তুলিবলৈ শেষ চেষ্টা দিলো,
বিকৃত চিন্তাবোৰ মনৰ পৰা আতৰাবলৈ
তীব্ৰ প্ৰয়াস কৰিলো,
আত্ম সত্বাৰ উপলব্ধিয়ে
মনটো কিছো ফৰকাল কৰি তুলিলে,
চিন্তা শক্তিৰ বল কিছু বাঢ়ি আহিল,
 ক্ৰমাত শীতলতাৰ অনুভৱ
কমি অহা যেন লাগিল,
জীৱনক তুচ্চ জ্ঞান কৰা মনটো
নতুনকৈ জী উঠিল,
এটা নতুন আশাৰ ৰেঙনিৰে
মন প্ৰাণ ভৰি পৰিল,
হাত ভৰিৰ চলাচল সহজ হৈ পৰিল
এটি নতুন উচ্চাসেৰে
সন্মোখৰ ফালে আগবাঢ়ি গলো মই