জেঠৰ খৰাং বতৰ
নদী নিজৰাত পানী নাই,
বাৰিষাৰ ঢ’ল
এতিয়াওঁ অহা নাই,
সেয়ে জানো হৃদয়ৰ নিজৰাটি
হ’ল মৰূভুমি,
গঢ়ি উঠা এটি
আনন্দৰ স্মৃতি,
কিয় জানো অকালতে
মৰহি গ’ল,
কাৰু যে হৃদয়ত জাগি নুঠিল
অকনো সহানুভূতি,
এয়েইনে প্ৰেম তোমাৰ,
ইমান সহজতে
এৰি দিলা তুমি
তোমাৰ সেই চিনাকি প্ৰেয়সীক,
ভাল পোৱাৰ নাম জানো মিলন
নহয় জানো ই এটি
হৃদয়ৰ আকৰ্ষণ ।