প্রতিটো বসন্তত তেওঁ
উভতি অহাৰ কথা
তেওঁৰ চকু দুটিৰ নিৰৱ ভাষা
দিগন্তৰ আশ্রয়ে আশা দিছিল
নিৰ্ভয়ে আছিলো
ক্রমানয়ে ক্ষীণ হৈ আহিছিল
অতীতৰ সেই আশা
মোৰ শৰীৰত ডুব যাব ধৰিছিল
ৰাঙলী সূৰুযৰ আভা
পৰিচয়বিহীন হব খোজে
মোৰ অস্তিত্ব
নিৰবধি তোৰ লক্ষ্য কি
দুখবোৰ যেন বান হৈ
পাৰ ভাঙি আহে
মোৰ বুকুত আহি ঠেকা মাৰে
সিৰাই সিৰাই প্রবাহমান
এটি প্রেমৰ নিজৰা
উন্মনা হৈ গতি কৰিছে
উদ্দেশ্য বিহীনভাবে ।।