জীৱন সংগী মোৰ
বিষাদৰ মাদকতাৰ আৱেদন
বতাহৰ সংগীতত
নিসংগতাৰ স্বকীয় ঠিকনা
নিসংগতাৰ স্বকীয় ঠিকনা
জগাই তোলে উপলব্ধি সপোনৰ
বুকুত সুখৰ সপোন
বহূ কথা
শৈশৱ
কৈশোৰ
আৰু যৌৱনৰ
কোনে জানে কেনি পাৰ
হৈ গ'ল
ৰিনিকি ৰিনিকিওঁ মনত নপৰে সেই
দিনবোৰ
সজল চকু
আৰু নিদ্রাহীন ৰাতি
পৰিচয়
ক'ত জানো হেৰাই গ’ল
স্মৃতিৰ চুকে কোণে বিছাৰিলেওঁ
নেপাওঁ ঠিকনা
অনুভৱ নিসংগ ৰাতিৰ বেদনা