নাৰীৰ খোজৰ ভংগীমা

নদীৰো আছে দুটা পাৰ
আৰু আছে এটা বিজলুৱা বাট
আৰু আছে নিৰ্জনতা তাত

পাৰ কঁপাই গুণগুণাই  নিৰলে বয়  অজান সাগৰলৈ

নদীৰ মোহনা নাৰীময় ধুনীয়া
গতি কৰে পূৰ্ণ যৌৱনা নাৰীৰ খোজৰ ভংগীমাত

নাৰীৰ দৰেই মায়াময় নদী বৈ থাকে আপোন ব্যস্ততাত
পাৰত খুন্দিয়াই গীত গায় কলকলাই
বুকুত সাৱতি আছে বালিময় চাপৰি

আমাৰ নিবিড় ক্ষ্যণবোৰ পানী যুঁৱলিত বহি
কথাবোৰ বুটলি ফুৰোঁ
সৃষ্টি কৰু বহু কবিতা আৰু গান

এজাক জোনাকী নিজান সন্ধিয়া
অজ্ঞাতে উৰি ফুৰে নদীৰ কাষে কাষে

কল্পনাৰ সাগৰত ডুবি অনুভৱ কৰিলো
কলকলাই নামি অহা
কিশোৰী যেন পাহাৰীয়া নিজৰাটিয়ে
চুই গ'ল মোৰ হৃদয়ৰ তলি  ।।