হেৰাল হৃদয় মোৰ

তোমাৰ আশাভৰা সপোনবোৰত
পূৱতী নিশাৰ নিয়ঁৰ সনা আভাস
তোমাৰ দুচকুৰ আশাভৰা সপোনত
সেউজৰ সোণালী পৰশ
মন সাগৰ ঢৌৱা সপোনবোৰত
বাঁহীৰ মাতে নিৰ্জনতা ভাঙি
লৈ আহে ফাগুণৰ অশান্ত ঢল
অশান্ত মন মোৰ
আপোন সুৰত বৰদৈচিলা হৈ
মৌনতা খহাই
লৈ আনে এবুকু বোৱতী ঢল
সেউজৰ প্ৰতিটো পলে
চুই যায় হৃদয়
লৈ আহে এটি অনুভূতিৰ
সুমধুৰ আলিংগন
হেৰাল হৃদয় মোৰ
প্ৰতিটো সুৰৰ অবুজন বাঁহীৰ সুৰত
প্ৰেমৰ মায়া সাক্ষী যৌৱনৰ
এজাক নুবুজা অভিমানে
সৃষ্টি কৰে মায়া জাল
স্মৃতিৰ উশাহত আকুল হৃদয়ত
বাজে মধুময় সঙ্গীত
নিঃশব্দ্তা ভেদি সুৰৰ মূৰ্চ্ছনাত
ভৰি পৰে আপোন আকাশ
সেউজৰ উতলা উন্মাদনাত
মোৰ বুকুৰ চৌদিশে অনুভৱ কৰো
তোমাৰ সান্নিধ্যৰ প্রিয় শিঁহৰন ।।