স্বপ্নৰ পাপৰি সৰি পৰি ৰ'ল

নদী-পৰ্বতত চিত্ৰিত মোৰ কবিতা
ঢলি পৰে সূৰ্য
নামি আহে অন্তৰীক্ষৰ ত্ৰস্ত ৰাত্ৰি
অন্ধকাৰত অনিবাৰ্য কালপুৰুষ
সীমিত মোৰ সামৰ্থ্য
ভূতগ্ৰস্ত প্ৰহৰীৰ দৰে
বিপৰ্যস্ত কৰে সুবৰ্ণ সূৰ্য
মোৰ আনন্দৰ অনুভৱে অনুভৱে
গুণগুণ শব্দ বুকুৰ ভিতৰে-বাহিৰে
তোমাৰ প্ৰগলভ প্ৰেমে
মোক পুৰি নিব ক্ৰমে
বুকুত জ্বলে মোৰ দুখ
স্বপ্নৰ উদ্যানত শব্দবোৰৰ সুষমা
ঘনিষ্ঠ উত্তাপ মোৰ ভিতৰত এই শব্দবোৰৰ
মহত্‍ সৃষ্টিৰ মই সাধাৰণ কবি
কবিৰ স্মৰণ বিপন্ন শৰীৰ
সত্তাত বিপ্লৱ কবিতাৰ
মূৰ্ত এই শব্দৰ উদ্যান
নিঠুৰ আচোঁৰ এই শব্দবোৰৰ
এই উপস্থিতিত জোনাক
স্বপ্নৰ পাপৰি সৰি পৰি ৰ'
দেহত এতিয়া মোৰ মাটিৰ কোলাহল