দৃশ্যমান নতুন আশা

তোমাৰ দৃষ্টিয়ে
সৃষ্টি কৰা ধুমুহাত
হৃদয় থানবান

মৌচুমীৰ তীব্ৰ প্ৰভাৱে
বাধাৰ প্ৰাচিৰ ভাঙি
উৰূৱাই লৈ যায়
সঞ্চিত বেদনাৰ পাহাৰ

উদ্ভাসিত ন-দীপ্তিত
দৃশ্যমান নতুন আশাৰ
মৌচুমী খেলি যায়
ৰূদ্ধ কুটীৰৰ দূৱাৰ খুলি

নজ্যোতিয়ে মোৰ
আশাৰ গতি বেগৱতী
কৰি উৰুৱাই নিয়ে
স্বপ্নৰ মায়াজাল তৰি