লক্ষ্যস্থান স্থিৰ মোৰ যাত্রাৰ

মোৰ ইচ্ছা আৰূ তোমাৰ অপেক্ষা
হৃদয়ত বলিছে বিষাদৰ ঋতু
নিমাত নিশব্দ তাৰ যাত্রা

অস্থিৰতাৰ কৌতূহলী ঘনিষ্ঠ উশাহ
তেজত টগবগাই উঠে এটি ৰণুৱা ঘোৰা

এটি ভয়ংকৰ যাত্রাৰ আগজাননি
সংগী সৰ্পিল শৰীৰৰ উৎকন্ঠা

অনুভূতিৰ বিপদজনক পথত
শত সহস্র বাধা

যদিওঁ দুষ্প্রাপ্য তোমাৰ সানিধ্য
সৰ্বাত্মক সংকটৰ ৰং মোৰ অতি প্রিয়

মোৰ স্নায়ুত বিচিত্র বীণাৰ সুৰ
অবিৰত বিজুলীৰ গতি মোৰ তেজত

ব্যৰ্থতাৰ অন্ধকাৰ কি ময় নাজানো
মায়াবি ৰাতিৰ সুবাসত
লক্ষ্যস্থান স্থিৰ মোৰ যাত্রাৰ

শুনো মাথো হৃদয়ত তোমাৰ সানিধ্যৰ কোলাহল
শ্বাসৰূধী যাত্রাৰ ৰক্তস্রাবি হৃদয়ৰ তীব্র গতি  ।।