সেউজীয়া উত্তাল তৰঙ্গ

ঘৰ্মাক্ত দেহত সৃষ্টিৰ চেতনা
সাধনাৰ সপোন সেউজীয়া পথাৰ
বতাহৰ গতিত
ঢৌ উঠে ধাননিত,
সোঁতৰ চেৱে চেৱে
সেউজীয়া সপোনে হাঁহে
এটি স্পন্দন উমাল উত্তাপৰ
সেউজীয়া উত্তাল তৰঙ্গ
অস্থিৰ মন দুলি ফুৰে
আলোকিত দীপ্তিত
ক্লান্তিৰ ছায়া আতৰি পলাই
উমাল উত্তাপত ভৰি পৰে বুকু