প্ৰীতিৰ সোঁত
এটি বলিয়া ভোমোৰা
উৰি ফুৰে হৃদয়ত
ৰাগ হৈ
পমি গ’ল হৃদয়
মোহিনী মাৰি বান্ধ ভাঙিলি প্রাণৰ
ভূমুকি মোৰ হ’ল বহুমুখী
উন্মত্তৰ দৰে ফুৰো
নপৰে মনত
ফুলনিত কোনে নিশা নাচিছিল
ৰই গ’ল মন
হেঙুলি বেলিটিলৈ চাই
চাওঁতে চাওঁতে উপচি পৰিল
ফুলে পাতে স্নিগ্দ্ধ প্রেমৰ
সহস্র শাখা প্রশাখা
দুৰ্বল প্রাণৰ ব্রত ভাঙিলি
বোৱাই প্ৰীতিৰ সোঁত
সুন্দৰৰ আৰাধানা
এতিয়া মোৰ প্রাণৰ আকাংক্ষা ।।