জোনাকৰ কোমল সুৰভিয়ে সানি দিলে সপোনৰ মায়া
বতাহত উলাহতে নাচিছে তোমাৰ হাঁহি
উৰুঙা মনত তুমি এটি কবিতাৰ সুঁতি
নিপোটল বুকু আৰু কঁপি উঠা ওঁঠ
নিশাহত উষ্ণ মৃদু বা
সোনালী হৃদয়ৰ নীলিম সাগৰত
বাধাহীন উৰ্ম্মিমালা
বাসনাৰ লক্ষ ঢৌ মন সাগৰত
দীপ্ত হিয়াত ৰঙৰ উছৱ
শেৱালিৰ কোমল সুবাসে কৰে উন্মনা
অন্তৰৰ প্ৰতিধ্বনিত উপচি পৰে আকাশ বতাহ
গানৰ ভাষাৰে জোনাক নিশা তৰুণ হিয়াত
ৰূপহীৰ ৰূপ মুগ্ধ বিৰহী কবিয়ে
ছন্দৰ তুলিকাৰে আঁকে জীৱনৰ সোনোৱালী ছবি
প্ৰীতিৰ বতাহত হৃদয়ত খেলি যায়
এটি হাঁহিৰ বিজুলী ।।