শালিনতাৰ সীমা চেৰাই
তুমি মোৰ কাষলে আহোতে
স্বাস ৰূদ্ধ বিমুগ্ধ দৃষ্টিৰে
মই হৈ পৰিছিলো নিঠৰ
তোমাৰ হাতৰ পৰশত
খেলি গ’ল বিজুলী
দেহৰ অংগে অংগে
চিঙি গ’ল শিকলি
সকলো দৃহ প্রতিজ্ঞা বাধাৰ
কুন্ঠাহীনভাবে ঢলি পৰিছিলো
তোমা উনমুক্ত বুকুত
শত সহস্র স্পন্দন তুলিছিল
মোৰ শৰীৰৰ কোণে কোণে
অজানিত এটি সুখৰ অনুভবে
মোক গিলিছিল তীব্রতাৰে
মতলীয়া মই তোমাৰ সানিধ্যৰ
এতিয়াও মই ৰূমন্থন কৰু
প্রতিপল সেই সানিধ্যৰ
ৰৈ গ’ল এটি স্মৃতি সৰগীয় অনুভৱৰ
এতিয়াও ৰূমন্থন কৰু
সেই সমপৰ্কৰ সুখ অনুভৱৰ ।।