জীয়াই থকাৰ অৰ্থ বিছাৰি

মোৰ সমস্ত সত্বাত দপদপকৈ জ্বলিছে মোৰ চিন্তাৰ বিস্তৰ মতভেদ
আক্ৰোশৰ শ্বাসৰোধী আহ্বানত মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
মোৰ শৰীৰত কলিজা দুফাল কৰি বৈ যায়
বিজুলীৰ উতপ্ত সুঁতি

এটি উদগ্র বাসনাই
চলাইছিল হৃদয়ত  হিংস্র উৎসৱ
প্রাণ পাই উঠিছিল জীয়াই থকাৰ অৰ্থ বিছাৰি

ৰিণি ৰিণি শুনিলো এক অপূৰ্ব্ব সঙ্গীত
নৱতম সৃষ্টিৰ চেতনা জাগি উঠিছিল
হৃদয়ৰ কোণে কোণে

দিওঁ উপহাৰ
এটি নবীন সূৰ্য্যৰ পোহৰৰ গান
শুভ্ৰ জলেৰে বাজি উঠক এটি গীত সকলোৰে প্রাণত

সুৰ এটি বতাহত ভাঁহি গ'ল জীয়াই থকাৰ অৰ্থ পাই
বিয়পি পৰে এটি আনন্দৰ ৰাগ মোৰ তেজৰ সুঁতত ।।