কল্লোলিত সপোনৰ গুণগুণনি

যাদুকৰী ৰাতিৰ সান্নিধ্য
বকুলফুলৰ দৰে
হেঁপাহৰ ৰঙীন সপোন
সৰল হাঁহিত ৰঙীন বসন্ত
নিজান সুৰত জাগিছে প্ৰেম
কুলুকুলু বাঁহীত বসন্তৰ সুবাস
তোমাৰ উপস্থিতি
জাগ্ৰত জীৱন্ত প্রতিমা
অনুভূতিৰ প্ৰিয়  ৰং বুকুত আৱৰি
লাহী ডেউকা কোবাই যাওঁ
দুষ্প্ৰাপ্য তোমাৰ সানিধ্য বিছাৰি
নিমিষতে নিঃসংগতা
সৰি পৰে যেন ফুলৰ পাপৰি
বসন্তৰ বতাহত
স্ফীত জীৱনে শাখা-প্ৰশাখা মেলে
বুকুত মোৰ অতি প্ৰিয়
কল্লোলিত সপোনৰ
আৰম্ভনি এক গুণগুণনি