স্মৃতিৰ ৰঙীন ৰুমাল

শুকান ওঠত কৰুণ গোলাপ
আন্দোলিত বুকুত মোৰ হাত

দুৱাৰৰ অদূৰত শস্যভূমি
ধানৰ কোমল ঠোক হালিছে তাত

তাৰুণ্যৰ বেগৱতী উত্তাপ
নিৰ্জনতাৰ পোহৰত আমি

ৰদালিৰ ভাজে ভাজে অপাৰ বিস্ময়
উখল মাখল পথাৰত শব্দৰ তন্ময়

হৃদয়ৰ গভীৰত শুনো
সাগৰৰ স্পন্দিত ঢৌৰ কোলাহল

মোৰ অশ্রুত চিৰন্তন তোমাৰ মুখ
অৱগাহন  হৃদয়ত উমি উমি জ্বলা জুই

মোৰ স্বপ্নৰ নীলিম দুৱাৰ
মেলি দিলে উৰি যায়
স্মৃতিৰ ৰঙীন ৰুমাল ।।