আন্ধাৰ নিশা
মোৰ হিয়াত
ভগা হুমুনিয়াৰ
ভগা হুমুনিয়াৰ
ৰিক্ত বতাহ
জোঁট লগা বৰ্ষাৰ সংকেতত
বিশ্বাসৰ খেলিমেলি
আহি পৰে
আহি পৰে
অশ্ৰু কণাৰ শীতল প্রবাহ
মই নীৰৱে বাট খেপো
কল্পনাৰ উন্মুক্ত প্লাৱনৰ
অংকুৰনৰ আশাত
চকুৰ অশ্ৰুত তিৰবিৰনি
এটি অনুজ্বল তৰাৰ
নামিছে অন্ধকাৰ
এটি বিলাপৰ গীত হৈ
শোণিতত বৈ যায়
জীৱন নদীৰ
জীৱন নদীৰ
বোকাপানীৰ ঢ’ল ।।