বিবেকী বজ্ৰৰ ঝংকাৰ

জোনাকৰ উপস্থিতিত
হাস্নাহানা ৰাতিৰ কৌতূহল
বতাহৰত ভাঁহে কুলুকুলু বাঁহীৰ তান
সৰি পৰে পাতবোৰ
বননীৰ নিজান সুৰ সাৱটি
গছে গছে হেঁপাহৰ জলকতবক
নাটকীয় মুহূৰ্তত
উৎসাৱন্ত এটি ধুমুহাৰ কোলাহল
বিবেকত বজ্ৰৰ ঝংকাৰ
অনুভব ভৱিষ্যতৰ সপ্ৰতিভ বৰ্তমান
কলিজাত তপত হাস্নাহানাৰ শ্বাস
শব্দবোৰৰ মুগ্ধ আনন্দবোধত
শৰীৰে শৰীৰে বিয়পিছে মোৰ
বিচিত্ৰ সুৰ  মায়া
প্ৰাণত মোৰ গানে ৰচে
সোনোৱালী ভৱিষ্যতৰ সপোন
আহেঁ আহেঁ
জাগি উঠে যৌৱনৰ উতলা কল্লোল