এটা স্মৃতি ভাঁহি আহে

এটা স্মৃতি ভাঁহি আহে
পথাৰৰ ভূই ৰোৱা দৃশ্যৰ
পথাৰত ভূই ৰোৱা ৰোৱনীৰ
মেখেলা ডঙা উন্মুক্ত কলাফুল

উঠন বুকুত মেঠনি মাৰি
ভূই ৰোৱা দৃশ্যই
মনত জগাই তোলে
এটি ভাৱ প্রীতিৰ

'দত ৰাঙলী গালত
ঘামৰ চিকমিকনি

ভূই ৰোৱা ছন্দৰ তালে তালে
ফুটি উঠা নৃত্যৰ মৃদু খোজে
উভৈনদী কৰি তোলে
হৃদয়ৰ নিজৰাটি

খিলখিল হাঁহি আৰু
কথাৰ ধেমালিৰে
প্রিয়জনৰ অনুপস্থিতিত
বাণ মাৰে তিৰষ্কাৰৰ

'তনো হেৰাল
এনে এটি মনোৰম দৃশ্য প্রাণৰ ।।