তোমাক লগ পোৱাৰ আশাত


আজীৱন খেদি ফুৰিছো মৰুভূমিত
তোমাৰ ছায়া
মৰীছিকাৰ পিছে পিছে দৌৰি ফুৰিছো
দিগন্তত নেদেখো কোনো আশাৰ ডাৱৰ
তৃঞ্ছাতুৰ ভোকাতুৰ
হৈ পৰিছো ময় মাথো এটি কায়া
মৰুভূমিত সৃষ্টি পিৰামি
ক্লীওঁপেত্রাৰ  সৌন্দৰ্য্য কাহিনী
বিয়পি আছে প্রতিটো ধূলিকণাত
হেজাৰ বছৰ পূৰণি কাহিনী
তোমাক লগ পোৱাৰ আশাত
পৰি ৰম বালিত

হৈ এটি নিস্তেজ  মামি ।।